ৰূপকোঁৱৰ জাতীয় বিদ্যালয়লৈ আপোনাক স্বাগতম

মাতৃভাষাৰ মাধ্যমেৰে জগত জিনাৰ সপোন ৰচি গতানুগতিক শিক্ষাৰ পৰিৱৰ্তে আধুনিক শিক্ষা ব্যৱস্থাৰ সৈতে ফেৰ মাৰিব পৰাকৈ প্ৰতিজন শিশুক প্রাথমিক পৰ্যায়ৰ পৰা উচ্চ মাধ্যমিক পৰ্যায়লৈকে সম্পূৰ্ণ বিজ্ঞানসন্মত আৰু গুণগত শিক্ষা প্রদান কৰাৰ লক্ষ্যৰে ২০০৪ চনত তিনিচুকীয়া জিলাৰ বাঘাজান-দীঘলটৰং অঞ্চলত ৰূপকোঁৱৰ জাতীয় বিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল।

আমি ২০০৫ চনৰ পৰা বাঘজান অঞ্চলৰ শিশুসকলক সেৱা আগবঢ়াই আহিছো, আৰু ফলপ্ৰসূ ফলাফল লাভ কৰিছো। উল্লেখযোগ্য যে বাঘজান অঞ্চলৰ বিভিন্ন বিদ্যালয়ৰ ভিতৰত আমাৰ বিদ্যালয়খনে সৰ্বাধিক ফলাফল লাভ কৰি আহিছে।

বিশেষ সুবিধাসমূহ

২০২৩-২০২৪ শিক্ষাবৰ্ষৰ পৰা কাৰ্যকৰী হোৱাকৈ বিদ্যালয়খনৰ পৰিচালনা ব্যৱস্থাটো সম্পূৰ্ণৰূপে ডিজিটেল কৰাৰ ওপৰিও বিদ্যালয়খনত বিভিন্ন সেৱা সংযোজন কৰা হৈছে ।

বিশ্বস্তৰৰ শিক্ষানুষ্ঠান সমূহৰ লগত ফেৰ মাৰিব পৰাকৈ শিক্ষাৰ্থী সকলৰ অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ যোগেদি দৃশ্য-শ্ৰাব্য আহিলা প্ৰয়োগেৰে আধুনিক শিক্ষা ব্যৱস্থাৰ প্ৰবৰ্তন কৰা হৈছে ।
প্ৰাথমিক পৰ্যায়ৰ পৰাই ইংৰাজী ভাষাৰ দক্ষতা বৃদ্ধিৰ বাবে প্ৰকাৰ্যমূলক (Functional) দিশটোত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে ।
দক্ষ আৰু প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ দ্বাৰা শিক্ষাদানেৰে প্ৰত‍্যেক শিশুৰ বাবে গুণগত শিক্ষাৰ নিশ্চিতকৰণ কৰা হয় ।

কেঁচুৱাৰ শাৰীৰিক বিকাশৰ বাবে মাকৰ গাখীৰ যিমান প্ৰয়োজন, মানসিক বিকাশৰ বাবে মাতৃভাষা সিমানেই আৱশ্যক ।

- মহাত্মা গান্ধী





মাতৃভাষা মাধ্যমেৰে জগত জিনাৰ সপোন ৰচি গতানুগতিক শিক্ষাৰ পৰিবৰ্তে আধুনিক শিক্ষা ব্যৱস্থাৰ সৈতে ফেৰ মাৰিব পৰাকৈ বিজ্ঞানসন্মতভাৱে ছাত্ৰ-ছাত্ৰীক গুণগত শিক্ষাৰে শিক্ষিত কৰি তোলাৰ মানসেৰে ২০০৪ চনৰ ৩০ জানুৱাৰী তাৰিখে "ৰূপকোঁৱৰ জাতীয় বিদ্যালয়, বাঘজান-দীঘলটৰং" নামেৰে অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ নীতি-নিৰ্দেশনাৰ আৰ্হিত এই বিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছে । আমি আশা কৰিম বিদ্যালয়খনে অঞ্চলটোক শিক্ষাৰ দিশত এক নতুন পোহৰৰ বাট দেখুৱাবলৈ সক্ষম হ'ব ।

- সঞ্চালক, হেমন্ত মৰাণ

স্মৰণীয় মূহুৰ্তসমূহ