উদ্দেশ্যঃ মাতৃভাষাৰ মাধ্যমেৰে জগত জিনাৰ সপোন ৰচি গতানুগতিক শিক্ষাৰ পৰিৱৰ্তে আধুনিক শিক্ষা ব্যৱস্থাৰ সৈতে ফেৰ মাৰিব পৰাকৈ প্ৰতিজন শিশুক প্রাথমিক পৰ্যায়ৰ পৰা উচ্চ মাধ্যমিক পৰ্যায়লৈকে সম্পূৰ্ণ বিজ্ঞানসন্মত আৰু গুণগত শিক্ষা প্রদান কৰাৰ লক্ষ্যৰে  আৰু ভৱিষ্যতে নিজকে সু-সংস্কৃতিৱান প্রতিষ্ঠিত ব্যক্তি হিচাপে প্রতিষ্ঠা কৰাৰ ।

প্ৰতিষ্ঠা তাৰিখঃ ৩০ জানুৱাৰী ২০০৪ চন।

পৰিচালনাঃ এজন স্থায়ী কাৰ্যবাহী সঞ্চালকে বিদ্যালয় পৰিচালনা সমিতিৰ আলোচনা মৰ্মে এজন অধ্যক্ষৰ জৰিয়তে বিদ্যালয় পৰিচালনা কৰে ।

বিদ্যালয়ৰ শ্ৰেণীসমূহঃ অংকুৰ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ।

বিদ্যালয়ৰ সময় আৰু  কাৰ্যসূচীঃ

  • পুৱা ৮.৩০ বজাত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী তথা অধ্যক্ষই দৈনন্দিন কাৰ্যসূচী তৈয়াৰ আৰু সফল ৰূপায়ণৰ বাবে সংকল্প । পুৱা ৮:৪৫ বজাত প্ৰাৰ্থনা আৰু পুৱাৰ সমাৱেশ ।
  • অংকুৰ আৰু প্ৰাক্-প্রাথমিক শ্ৰেণীৰ নিৰ্দ্ধাৰিত সময় পুৱা ৯.০০ ৰ পৰা ১২.০০ বজালৈ।
  • প্রথম শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীৰ নিৰ্দ্ধাৰিত সময় পুৱা ৯.০০ বজাৰ পৰা ২.০০ বজালৈ।
  • অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ নিৰ্দ্ধাৰিত সময় ৯.০০ বজাৰ পৰা ২.০০ বজালৈ যদিও প্রয়োজন সাপেক্ষে পাঠদানৰ সময় বৃদ্ধি কৰা হ'ব ।